২০০ টকালৈ বলীউডত পদাৰ্পণ কৰা অক্ষয় কুমাৰৰ এতিয়া দৈনিক আয় ১.৫ কোটি টকা - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Sunday, August 25, 2019

২০০ টকালৈ বলীউডত পদাৰ্পণ কৰা অক্ষয় কুমাৰৰ এতিয়া দৈনিক আয় ১.৫ কোটি টকা



অক্ষয় কুমাৰ এতিয়া বলীউডৰ সকলোতকৈ ধনী অভিনেতা। ছলমান, শ্বাহৰুখ , অমিতাভ বচ্চনক পিছ পেলাই তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে খিলাড়ী অক্ষয় কুমাৰ। ফ’বছ আলোচনীত প্ৰকাশ পোৱা তথ্য অনুসৰি অক্ষয় কুমাৰ হ’ল বিশ্বৰ চতুৰ্থজন ধনবান অভিনেতা। ২০১৮–১৯ বৰ্ষত অক্ষয় কুমাৰৰ বাৰ্ষিক উপাৰ্জন আছিল প্ৰায় ৪৬৬ কোটি টকা। সেইদৰে অক্ষয় কুমাৰৰ এতিয়া দৈনিক আয় ১.৫ কোটি টকা।
শেহতীয়া ছবি মিছন মংগলৰ বাবদ অক্ষয় কুমাৰে পাৰিশ্ৰমিক হিচাপে লৈছে ৪০ কোটি টকা। কেৰিয়াৰত বিভিন্ন উত্থান পতনৰ মুখামুখি হোৱা অক্ষয় কুমাৰে দেশপ্ৰেম মূলক ছবিত অভিনয় কৰি এতিয়া ঈৰ্ষণীয় সফলতা লাভ কৰিছে।
ফ’বছ আলোচনীয়ে প্ৰকাশ কৰা ধনী অভিনেতাৰ তালিকাত পূৰ্বে অক্ষয় কুমাৰৰ স্থান আছিল ৩৩।




No comments:

Post a Comment

Post Bottom Ad


Pages