ব্যৰ্থ হিমা দাস !! - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Wednesday, September 4, 2019

ব্যৰ্থ হিমা দাস !!

ব্যৰ্থ হিমা দাস !!
hima das


ব্যৰ্থ হিমা দাস !!


অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ডোহা বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত অংশ নলয় ধিং এক্সপ্ৰেছ হিমা দাসে। এটা মাহৰ ভিতৰত ছখন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত স্বৰ্ণপদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰা হিমাই বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে। আগন্তুক বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা দাস। কাৰণ বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ যোগ্যতা নিৰ্ণয়কাৰী সময় হৈছে ৫১.৮০ ছেকেণ্ড। কিন্তু হিমাৰ শেহতীয়া সময় হৈছে ৫২.০৯ ছেকেণ্ড।

ইফালে প্ৰতিযোগিতাখনত ৪x৪০০ মিটাৰ ৰীলে ৰেচত হিমাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনে ১৬ ছেপ্টেম্বৰৰ পিছতহে ৪x৪০০ মিটাৰ ৰীলেৰ ৰেংকিং প্ৰকাশ কৰিব। উক্ত ৰেংকিঙৰ শীৰ্ষ আঠত যদি ভাৰতীয় দলে স্থান লাভ কৰে তেন্তে ৰীলে ৰেচত অংশ ল’ব স্বৰ্ণকন্যা হিমাই।
প্ৰতিযোগিতাখনত ৪x৪০০ মিটাৰ ৰীলে ৰেচত হিমাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।



উল্লেখযোগ্য যে এছিয়ান গেমছত ৫০.৭৯ ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰিছিল হিমাই। কিন্তু পৰৱৰ্তী সময়ত হিমাই অক্ষুণ্ণ ৰাখিব পৰা নাছিল সেই ধাৰা। যাৰ বাবে ২৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ডোহা বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্য অৰ্জন কৰিব নোৱাৰিলে হিমাই।
 

News Source-news18




No comments:

Post a Comment

Post Bottom Ad


Pages