বিদেশী হ’ল আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰিয়াল - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Sunday, September 1, 2019

বিদেশী হ’ল আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰিয়াল


ভাৰতীয় নাগৰিকত্ব লাভৰ পৰা বিৰত থাকিল আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰিয়াল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰিল আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পত্নী ববী বৰুৱা আৰু দুই পুত্ৰ সন্তান ক্ৰমে আকাশ বৰুৱা আৰু অৰিন্দম বৰুৱাৰ নাম।

উল্লেখযোগ্য যে পূৰ্বেত প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম প্ৰকাশ পাইছিল। ইয়াৰ পিছতে পৰেশ বৰুৱাৰ চাবুৱাৰ জেৰাই গাঁওস্থিত জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা আৰু কনিষ্ঠ ভাতৃ বিকুল বৰুৱাই পৰেশ বৰুৱাৰ পত্নী আৰু দুই পুত্ৰৰ নাম-ঠিকনা বিচাৰি পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাইছিল।
কিন্তু এই সন্দৰ্ভত অন্তিম সময়লৈকে আলফা (স্ব)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই নিজৰ পত্নী আৰু পুত্ৰৰ নাম-ঠিকনা দুই ভাতৃক প্ৰদান নকৰিলে।

ইফালে ভাতৃদ্বয়ে জনোৱা অনুসৰি পৰেশ বৰুৱাৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে বিদ্যালয়ত অধ্যয়ন কৰাৰ কিছুমান প্ৰমাণপত্ৰ পৰিয়ালৰ হাতত থকাৰ বাবে এই তথ্য সমূহ জমা দিয়া হৈছিল।

বিপৰীতে তেওঁৰ পত্নী আৰু দুই সন্তানৰ কোনো তথ্য নোপোৱাৰ বাবে এন আৰ চি কৰ্তৃপক্ষক জমা দিব পৰা নগ’ল। গতিকে তেওঁলোকৰ নাম সমূহ এন আৰ চিৰ পৰা বাদ পৰিল বুলি বৰুৱাৰ ভাতৃদ্বয়ে জনায়।


No comments:

Post a Comment

Post Bottom Ad


Pages