মাংস খাবলৈ আৰু জন্তু বধ কৰিব নালাগে, IIT গুৱাহাটীৰ গৱেষকে উদ্ভাৱন কৰিছে কৃত্ৰিম মাংস - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Tuesday, August 27, 2019

মাংস খাবলৈ আৰু জন্তু বধ কৰিব নালাগে, IIT গুৱাহাটীৰ গৱেষকে উদ্ভাৱন কৰিছে কৃত্ৰিম মাংস

মাংস খাবলৈ আৰু জন্তু বধ কৰিব নালাগে, IIT গুৱাহাটীৰ গৱেষকে উদ্ভাৱন কৰিছে কৃত্ৰিম মাংস


গৱেষকসকলৰ মতে এই মাংসও, জন্তুৰ মাংসৰ সমানেই পুষ্টিকৰ আৰু সোৱাদযুক্ত হ’ব


মাংস সকলোৰে প্ৰিয়! কিন্তু এতিয়াৰ পৰা মাংস খাবলৈ আৰু জন্তু বধ কৰাৰ প্ৰয়োজন নাই! গুৱাহাটী আই আই টিৰ এদল গৱেষকে উদ্ভাৱন কৰিছে কৃত্ৰিম মাংস। গৱেষক দলটোৱে কৈষিক সংঘটন(tissue engineered meat) ঘটাই উদ্ভাৱণ কৰিছে কৃত্ৰিম মাংস। ভাবিবলৈ আচৰিত লাগিলেও ,এই কথা সঁচা। এই বিষয়ে ইতিমধ্যে ‘ডেক্কান হেৰল্ড’ৰ বাতৰিত প্ৰকাশ পাইছে। গৱেষকসকলৰ মতে এই মাংসও জন্তুৰ মাংসৰ সমানেই পুষ্টিকৰ আৰু সোৱাদযুক্ত হ’ব!

গুৱাহাটী আই আই টিৰ বায়’চায়েন্স আৰু বায়’ইঞ্জিনিয়াৰিঙৰ সহযোগী অধ্যাপক বিমান বি মণ্ডলৰ নেতৃত্বত দলটোৱে ইয়াৰ উৎপাদন তথা উপভোগৰ বাবে ইতিমধ্যে পেটেণ্ট লাভ কৰিছে। যি কৃত্ৰিম মাংস প্ৰস্তুত কৰা হৈছে, সেয়া  গ্ৰাহকৰ পছন্দ অনুসৰি বিভিন্ন আকাৰ তথা জোখত চৰ্বিযুক্ত মাংস বা সম্পূৰ্ণ শুকান মাংসৰ উৎপাদনলৈ সালসলনি কৰিব পৰা যাব।


সেইদৰে গৱেষক সকলৰ মতে, এই মাংসত  হ’ৰমন, জন্তুৰ চেৰাম, গঠন বৃদ্ধিৰ বা এন্টিবায়’টেকিছৰ দৰে বাহ্যিক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। এই মাংস অত্যন্ত পুষ্টিকৰ হ’ব বুলিও দাবী কৰে গৱেষক কেইজনে।  জন্তু হত্যা প্ৰতিৰোধ কৰালৈ চাই ভৱিষ্যতে দেশত ইয়াৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গৱেষকৰ দলটোৱে।

News source-News18

No comments:

Post a Comment

Post Bottom Ad


Pages