১০ বছৰ পিছত পুনৰ ৰাজনীতিৰ পথাৰত খোজ দিব ‘সঞ্জু বাবা’ই, কোন দলত কৰিব যোগদান? - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Monday, August 26, 2019

১০ বছৰ পিছত পুনৰ ৰাজনীতিৰ পথাৰত খোজ দিব ‘সঞ্জু বাবা’ই, কোন দলত কৰিব যোগদান?


ৰাষ্ট্ৰীয় সমাজ পক্ষ (RSP) দলৰ প্ৰতিষ্ঠাপক তথা কেবিনেট মন্ত্ৰী মহাদেৱ জানকৰে কয় যে সঞ্জয় দত্তই ২৫ ছেপ্টেম্বৰত যোগদান কৰিব তেওঁৰ দলত।


বলীউদৰ অভিনেতা সঞ্জয় দত্তই প্ৰায় ১০ বছৰ পিছত পুনৰ ৰাজনৈতিক জগতত খোজ দিয়াৰ প্ৰস্তুতি চলাইছে। মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰীয়ে সদৰি কৰিছে এই তথ্য। ৰাষ্ট্ৰীয় সমাজ পক্ষ (RSP) দলৰ প্ৰতিষ্ঠাপক তথা কেবিনেট মন্ত্ৰী মহাদেৱ জানকৰে কয় যে সঞ্জয় দত্তই ২৫ ছেপ্টেম্বৰত যোগদান কৰিব তেওঁৰ দলত।
উল্লেখযোগ্য যে শাসকীয় বিজেপি দলৰ যহযোগী দল আৰ এছ পি। পশুপালন তথা দুগ্ধ উন্নয়ন মন্ত্ৰী মহাদেৱ জানকৰে এক দলীয় কাৰ্যসূচীত এই ঘোষণা কৰে। তেওঁ কয় যে আমি দলৰ বিকাশৰ বাবে ছবি জগতত কাম আৰম্ভ কৰিছো। যাৰ বাবে অভিনেতা সঞ্জয় দত্তই ২৫ ছেপ্টেম্বৰত যোগদান কৰিব ৰাষ্ট্ৰীয় সমাজ পক্ষ দলত।
২০০৯ চনত সমাজবাদী পাৰ্টীৰ পৰা টিকট লাভ কৰি লক্ষ্ণৌৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সঞ্জয় দত্ত। কিন্তু আদালতে অস্ত্ৰ আইনৰ অধীনত তেওঁৰ শাস্তি ৰেহাই দিবলৈ অস্বীকাৰ কৰাত পিছুৱাই আহিবলগীয়া হৈছিল। সমাজবাদী পাৰ্টীৰ সাধাৰণ সম্পাদকো আছিল অভিনেতাগৰাকী।
উল্লেখযোগ্য যে কংগ্ৰেছৰ সৈতে পুৰণি সম্পৰ্ক আছে দত্ত পৰিয়ালৰ। সঞ্জয় দত্তৰ পিতৃ আৰু ভগ্নী প্ৰিয়া দত্ত কংগ্ৰেছৰ সৈতে জড়িত। পিতৃ সুনীল দত্ত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীও আছিল। প্ৰিয়া দত্তই কংগ্ৰেছৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এতিয়া সঞ্জয় দত্তই পুনৰ ৰাজনীতিত খোজ দিয়াৰ পৰিকল্পনা কৰিছে।




No comments:

Post a Comment

Post Bottom Ad


Pages