কৰ্দৈৰ লগত ভাঙোন মাছৰ জোল - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Thursday, August 29, 2019

কৰ্দৈৰ লগত ভাঙোন মাছৰ জোল


কৰ্দৈৰ লগত ভাঙোন মাছৰ জোল
উপকৰণঃ
ভাঙোন মাছ ৪/৫ টামান, নিমখ আৰু হালধি জোখাৰে, তেল প্ৰয়োজনমতে, শুকান জলকীয়া ৩ টা, পাঁচফোৰণ আধা চাহ চামুচ, পকা কৰ্দৈ ২টা মিহিকৈ কাটি ল’ব, কেঁচা মটৰ আধাকাপ, পানী জোখমতে, পিঠাগুৰি এক চাহ চামুচ (ঐচ্ছিক), ধনিয়া পাত এমুঠি কুটি ল’ব

প্ৰণালীঃ
মাছকেইটা পৰিষ্কাৰ কৰি ভালকৈ ধুই পানী নিগৰাই লৈ নিমখ আৰু হালধি সানি ল’ব৷ গৰম তেলত মাছখিনি আধা ভজা কৰি নমাই থ’ব৷ একেখন কেৰাহীতে জোখমতে তেল গৰম কৰি পাঁচফোৰণ আৰু শুকান জলকীয়াৰ ফোৰণ দি কৰ্দৈখিনি দিব৷ জোখমতে নিমখ আৰু হালধি দি লৰাই দিব৷ তাৰপিছত মটৰখিনি দি ভালদৰে লৰাই দি ঢাকোন লগাই কৰ্দৈখিনি সিজিবলৈ দিব৷ মাজতে এবাৰ লৰাই দিব৷ কৰ্দৈখিনি সিজিলে হেতাৰে অলপ থেতেলিয়াই দিব৷ তাৰপিছত জোখমতে গৰম পানী দি আঞ্জাখন উতলিবলৈ দিব৷ আঞ্জাখন অলপ সময় উতলাৰ পিছত ভাজি থোৱা মাছকেইটা দি উতলিবলৈ দিব৷ এতিয়া পিঠাগুৰিখিনিত সামান্য ঠাণ্ডা পানী দি ভালদৰে ঘুটি লৈ উতলি থকা আঞ্জাখনত লাহেকৈ ঢালি দিব (ঐচ্ছিক), তেতিয়া আঞ্জাখন অলপ ডাঠ হৈ পৰিব৷ দুই মিনিটমান সময় উতলোৱাৰ পিছতে কুটি ৰখা ধনিয়া পাতখিনি দি আঞ্জাখন এক মিনিটমান সময় উতলাই নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত কৰ্দৈৰ লগত ৰন্ধা ভাঙোন মাছৰ আঞ্জাৰ জুতি লওক৷

No comments:

Post a Comment

Post Bottom Ad


Pages