সাজু হৈছে অসমৰ প্ৰতিটো নাট্যদল। - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Friday, August 23, 2019

সাজু হৈছে অসমৰ প্ৰতিটো নাট্যদল।


  • আৱাহন থিয়েটাৰে ইতিমধ্যে আৰম্ভ কৰিছে ২০১৯–২০ বৰ্ষৰ নাট্যযাত্ৰা। আৱাহন থিয়েটাৰত চলিত বৰ্ষত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা যোগেশ কাশ্যপ আদিৰ দৰে শিল্পীয়ে। নাট্যদলটোৰ চলিত বৰ্ষৰ নাট মেমচাহাব আৰু মূলাগাভৰুৱে ইতিমধ্যে দৰ্শকৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।


  • ৫২ তম নাট্যবৰ্ষৰ বাবে ইতিমধ্যে সাজু হৈছে থিয়েটাৰ ভাগ্যদেৱী। নাট্যদলটোৱে চলিত নাট্যবৰ্ষৰ বাবে সাজু কৰিছে মানুহৰ গেৰেজ, লংকাকাণ্ডৰ দৰে নাটকৰ। চলিত বৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে বিশিষ্ট অভিনেতা ভবেশ বৰুৱা।



  •  বৃন্দাবন থিয়েটাৰ বুলিলেই দৰ্শকৰ মাজত আছে বিশেষ উৎসুকতা। নৱম নাট্যবৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে বিশিষ্ট অভিনেতা তপন দাস, চিন্ময় কটকী।




  • আৰম্ভণীতে বিতৰ্কৰ মাজত সোমাই পৰা চিৰঞ্জীৱ থিয়েটাৰো প্ৰায় সাজু হৈছে আগন্তুক নাট্যবৰ্ষৰ বাবে। এদল নবীন নাট্যযুদ্ধাৰে সাজু হৈছে চিৰঞ্জীৱ থিয়েটাৰ। চলিত নাট্যবৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা অঞ্জন বেজ, বিপুল বৰাৰ লগতে নৱাগত অলিস্মীতা গোস্বামী।



  • হেঙুল থিয়েটাৰৰ নাট বুলিলেই আছে অন্য এক মাদকতা। এইবাৰ নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা প্ৰসেনজীৎ। হেঙুলে এইবাৰ মঞ্চস্থ কৰিবলগীয়া হিমাংশু প্ৰসাদ দাসৰ মিচ ৰুক্মিণী হৰণ আৰু ৰাজদ্বীপৰ বাহাদুৰ নাটকখনে দৰ্শকৰ মাজত লাভ কৰিছে বিশেষ চৰ্চা।





  1. সাজু সূৰ্য থিয়েটাৰো। অভিনেতা মৃদুল চুতীয়া, সঞ্জীৱ শৰ্মাৰ দৰে অভিনেতাই এইবাৰ কঁপাব সূৰ্যৰ ৰংগমঞ্চ


No comments:

Post a Comment

Post Bottom Ad


Pages