ৰে’লৱে প্লেটফৰ্মত গান গোৱা ৰাণু এতিয়া বলীউদৰ তাৰকা, 'তেৰি মেৰি' গানটোৰ বাবে ৰাণুৱে কিমান টকা পালে? - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Wednesday, August 28, 2019

ৰে’লৱে প্লেটফৰ্মত গান গোৱা ৰাণু এতিয়া বলীউদৰ তাৰকা, 'তেৰি মেৰি' গানটোৰ বাবে ৰাণুৱে কিমান টকা পালে?

ৰে’লৱে প্লেটফৰ্মত গান গোৱা ৰাণু এতিয়া বলীউদৰ তাৰকা, 'তেৰি মেৰি' গানটোৰ বাবে ৰাণুৱে কিমান টকা পালে?


আপুনি জানি আচৰিত হ’ব যে ৰাণু মণ্ডলে এই গীতটোৰ বাবে কোনো ধৰণৰ মাননী ল’বলৈ অস্বীকাৰ কৰিছে।

ৰে’লৱে প্লেটফৰ্মৰ এটা কোণত বহি লতা মংগেশকাৰৰ গীত গাই ভিক্ষা মাগি পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু মণ্ডল এতিয়া বলীউদৰ তাৰকা। ৰাণু মণ্ডলে শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ ছবিৰ বাবে এটা গীতত কণ্ঠদান কৰিছে। ‘তেৰী মেৰী কাহানী’ শীৰ্ষক গীতটোত ৰাণুৰ সৈতে কণ্ঠদান কৰিছে হিমেশ ৰেশমিয়াই নিজেই।

এই গীতটোৰ ভিডিঅ’ হিমেশ ৰেশমিয়াই শ্বেয়াৰ কৰাৰ পিছতে জোৱাৰ উঠিছিল ছচিয়েল মিডিয়াত। সকলোৱে ৰাণুৰ যাদুকৰী কণ্ঠৰ অনুৰাগী হৈ পৰিছিল। ইয়াৰ মাজতে বলীউদৰ প্ৰথমটো গীতৰ বাবে ৰাণুৱে লাভ কৰিলে আকৰ্ষণীয় মাননী।

হিমেশৰ ছবিৰ বাবে এটা গীতত কণ্ঠদান কৰা ৰাণুৱে কিমান মাননী লাভ কৰিছে তাৰ কোনো অফিচিয়েল ঘোষণা হোৱা নাই। কিন্তু একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে হিমেশে ৰাণু মণ্ডলক ‘হেপ্পী হাৰ্ডী এণ্ড হীৰ’ ছবিৰ ‘তেৰী মেৰী কাহানী’ শীৰ্ষক গীতটোত কণ্ঠদান কৰাৰ বাবে অফাৰ কৰিছে ৬–৭ লাখ টকা।
ইফালে, আপুনি জানি আচৰিত হ’ব যে ৰাণু মণ্ডলে এই গীতটোৰ বাবে কোনো ধৰণৰ মাননী ল’বলৈ অস্বীকাৰ কৰিছে। কিন্তু হিমেশে ৰাণু মণ্ডলক জোৰ কৰি গীতটোৰ বাবে মাননী দিয়াৰ লগতে কয় যে আপোনাক ছুপাৰষ্টাৰ হোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে।উল্লেখযোগ্য যে পশ্চিম বংগৰ ৰাণাঘাট ৰে’লৱে ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰিছিল ৰাণু মণ্ডলে। কিন্তু ৰাণুৰ এটা গানৰ ভিডিঅ’ এজন যুৱকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে সলনি হৈছিল ভাগ্য। ৰাণুৰ যাদুকৰী কণ্ঠৰ সেই ভিডিঅ’টোৰ বাবে নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিণত হৈছিল ৰাণু মণ্ডল।

news source- News18

No comments:

Post a Comment

Post Bottom Ad


Pages