আগন্তুক তিনিদিনৰ বাবে হ'ব ধাৰাষাৰ বৰষুণ - পঢ়ক প্ৰতিবেদন - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Thursday, September 5, 2019

আগন্তুক তিনিদিনৰ বাবে হ'ব ধাৰাষাৰ বৰষুণ - পঢ়ক প্ৰতিবেদন


আগন্তুক তিনিদিনৰ বাবে হ'ব ধাৰাষাৰ বৰষুণ

 - পঢ়ক প্ৰতিবেদন


আগন্তুক তিনিদিনত অসমসহ উত্তৰ–পূৰ্বাঞ্চলত হ’ব পাৰে মূষলধাৰ বৰষুণ। এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মায়ানগৰী মুম্বাইত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বান। বাট–পথ, ৰে’লপথ সকলো বুৰাই পেলাইছে বানে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে আজিৰ দিনটোত গোৱা, মধ্য প্ৰদেশ, গুজৰাট আৰু মধ্য প্ৰদেশত মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক ২–৩ দিনলৈ এই বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। আনহাতে, ৰাজস্থান, উত্তৰাখণ্ড, ছত্তীশগড় আৰু পশ্চিম বংগতো বৰষুণৰ সম্ভাৱনা আছে।

কেতিয়া কোন ৰাজ্যত বৰষুণৰ সম্ভাৱনা
৬ ছেপ্টেম্বৰ : গুজৰাটৰ বিভিন্ন প্ৰন্তত মূষলধাৰ বৰষুণৰ সম্ভাৱনা। মধ্য প্ৰদেশৰ পশ্চিম প্ৰান্ত, উত্তৰাখণ্ড, ৰাজস্থানৰ পূব প্ৰান্ত, মধ্য প্ৰদেশৰ পূব প্ৰান্ত, বিদৰ্ভ, ওড়িশা, মহাৰাষ্ট্ৰ মধ্য প্ৰান্ত, কোংকন, গোৱা, তেলেংগানাত পাতল বৰষুণৰ সম্ভাৱনা।
৭ ছেপ্টেম্বৰ : শনিবাৰে গুজৰাট, উত্তৰ প্ৰদেশৰ পূব প্ৰান্ত, মধ্য প্ৰদেশ, অসম, মেঘালয়, মহাৰাষ্ট্ৰৰ মধ্য প্ৰান্ত আৰু কেৰালাত মূষলধাৰ বৰষুণৰ সম্ভাৱনা।৮ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ পূব প্ৰান্ত, মধ্য প্ৰদেশৰ পূব প্ৰান্ত, ওড়িশা, আন্দামান আৰু নিকোবৰ, গুজৰাট, মহাৰাষ্ট্ৰৰ মধ্য প্ৰান্ত, কোংকন, গোৱা, অসম আৰু মেঘালয়ত মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

News source-news18

No comments:

Post a Comment

Post Bottom Ad


Pages