ছচিয়েল মিডিয়াত অতিপাত প্ৰচাৰিত সকলো খবৰেই সঁচা নহয়। শেহতীয়াকৈ ইয়াৰ এক প্ৰমাণ পোৱা গৈছে। বিগত কেইটামান দিনত ছচিয়েল মিডিয়াত চৰ্চা হৈছে যে, ৰাণু মণ্ডলক বলিউদৰ ভাইজান ছলমান খানে উপহাৰ দিছে এটা ৫৫ লাখ টকীয়া অট্টালিকা।
ৰাণু মণ্ডলৰ সুৱদী কন্ঠত মুগ্ধ হৈ ভাইজান ছলমানে এই উপহাৰ দিয়া বুলি চৰ্চা হৈছে। বহুতে ইয়াকো কৈছে যে, ছলমানৰ আহিবলগীয়া ছবিৰ বাবে চুক্তি কৰাইছে ৰাণু মণ্ডলক। কিন্তু আঁচল কথাতো হল ছচিয়েল মিডিয়াত প্ৰচাৰিত এই সকলো খবৰ মিছা। শেহতীয়াকৈ টাইমছ অফ ইণ্ডিয়াই সদৰি কৰিছে এই তথ্য।
ছচিয়েল মিডিয়াৰ উপৰিও একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই ভুৱা খবৰক লৈ টাইমছ অফ ইণ্ডিয়াই সদৰি কৰিছে যে, ছলমান খানৰ ফালৰ পৰাও এই বিষয়টো মিছা বুলি জনোৱা হৈছে। উল্লেখ্য যে, পশ্চিম বংগৰ ৰাণাঘাট ৰেলৱে ষ্টেচনৰ পৰা এটা গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশৰ চিনাকি মুখ হৈ পৰিছিল ৰাণু মণ্ডল।
News source- patidin.com







Kio
ReplyDelete