ভাৰত এখন প্ৰচুৰ পানীৰে ভৰা দেশ আৰু এই দেশখনতে এতিয়া পানীৰ সংকটে ভয়ংকৰ ৰূপ লোৱাৰ আশংকাই দেখা দিছে। এই সমস্যা উদ্ভৱ হোৱাৰ প্ৰধান দুটা কাৰকঃপানীৰ অপচয় আৰু পানীৰ ভুল পৰিচালনা। এই বিপৰীতমুখী পৰিস্থিতিৰ সৈতে যুঁজিবলৈ ভাৰতে জলসংৰক্ষণক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব। Network 18–এ Harpicৰ সৈতে লগ হৈ আৰম্ভ কৰিছে মিছন পানী কেম্পেইন। এই অভিযানৰ জৰিয়তে পানী সংৰক্ষণক লৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ চেষ্টা কৰা হৈছে। পানী সংৰক্ষণৰ হকে সকলোকে জৰিত কৰিবলৈ আমি মাতি আনিছো ভাৰতীয় চিনেমাৰ মহানায়ক অমিতাভ বচ্চনক। বিগ বিয়ে এই কেম্পেইনৰ এম্বেছাদৰ হিচাপে জলসংৰক্ষণৰ কথা সোঁৱৰাব।
T 3260 - "JAL ANDOLAN'@Network18Group #Harpic and I, commit ourselves to this critical cause. Inspired by @narendramodi we launch #MissionPaani on 27 Aug to build ‘Jal Andolan’ @PMOIndia @gssjodhpur @News18India @cnnnews18 @cnbctv18india @CNBCAwaazIndia @firstpost @forbes_india— Amitabh Bachchan (@SrBachchan) August 17, 2019
#MissionPaani–এ বাখ্যা কৰিব আপুনি কিয় এগৰাকী জলৰক্ষক হোৱা প্ৰয়োজনীয়?
পানীৰ অপচয় ৰোধ কৰক!
প্ৰতিবেদন অনুসৰি প্ৰতিগৰাকী ভাৰতীয়ই প্ৰতিদিনে ৪৫লিটাৰকৈ পানী নষ্ট কৰে। এই মাত্ৰা সৰ্বমুঠ দৈনিক হৈ পৰেগৈ ১২৫মিলিয়ন লিটাৰ। কেইটামান সাধাৰণ সাৱধানতা অৱলম্বন কৰি এই অপচয় ৰোধ কৰিব পাৰি। যেনে, দাঁত মাজি থাকোতে পানীৰ টেপটো খুলি নোথোৱা, ঘৰ চাফা কৰা উচিত সামগ্ৰী ব্যৱহাৰ, গা–ধুওতে পানীৰ কম ব্যৱহাৰ আদি। আমিহে পানীৰ অপচয় ৰোধ কৰিব পাৰো।
পানীৰ ভুল পৰিচালনা বন্ধ কৰক!
অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত বছৰে বছৰে বানে সংহাৰ চলাই আছে, বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা মায়ানগৰী মুম্বাইতে পৰিস্থিতি উদ্বেগজনক। মুম্বাইত গড় হিচাপতকৈ প্ৰতিবাৰে অধিক বৰষুণ হোৱা দেখা যায়, তথাপিও মহানগৰীখনে পানীৰ সংকটৰ সন্মুখীন হৈ আছে। ইয়াৰ কাৰণ পানীৰ ভুল পৰিচালনা।
দেশৰ সৰু–বৰ সকলো চহৰতে পৌৰ সভাই পানীৰ সংকট দূৰ কৰিবলৈ অধিক পৰিমাণে পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰ লগতে নাগৰিকৰ দায়িত্বও অপৰিসীম।
The Harpic-News18 'Mission Paani'–ৰ উদ্দেশ্য হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহ্বান, ঘটনাৰ প্ৰৱাহ, শ্ব’ আৰু প্ৰমচনত বিশিষ্ট ব্যক্তিক জৰিত কৰি পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰচাৰ।






No comments:
Post a Comment