দেশত নিষিদ্ধ হ'ব পেট্ৰল-ডিজেলৰ গাড়ী ! - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Thursday, September 5, 2019

দেশত নিষিদ্ধ হ'ব পেট্ৰল-ডিজেলৰ গাড়ী !

দেশত নিষিদ্ধ হ'ব পেট্ৰল-ডিজেলৰ গাড়ী ।।।


কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পেট্ৰ’ল ডিজেলৰ  গাড়ীকলৈ কৰিছে বিশেষ মন্তব্য। ভাৰতবৰ্ষত পেট্ৰ’ল–ডিজেলৰ বাহন বিক্ৰী/ ক্ৰয়ত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰূপ কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে নীতিন গাডকাৰীৰ মন্তব্যই দিছে  বিশেষ সকাহ!
ভাৰতবৰ্ষত নিষিদ্ধ নহয় প্ৰেট্ৰ’ল ডিজেলৰ গাড়ী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ‘বহুদিন ধৰি পেট্ৰ’ল ডিজেলৰ গাড়ী নিষিদ্ধ কৰা হব বুলি চৰ্চা চলি আছে যদিও, মই স্পষ্ট ৰূপত কও যে, পেট্ৰ’ল ডিজেলৰ গাড়ী নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ।’

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,প্ৰদূষণ হ্ৰাস কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ। ‍BS-6 বাহনৰ পৰা প্ৰদূষণ কমকৈ হয়।গতিকে বাহন সমূহ আপগ্ৰড কৰি তুলাৰ কথা চিন্তা কৰিছে চৰকাৰে!
নীতিন গাডকাৰীৰ এই ঘোষণাৰ পিছতে ডাঙৰ সকাহ পাইছে গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠান সমূহে। গাড়ীৰ বিক্ৰীৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad


Pages