ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব ৮খন আপাচি এ এইচ–৬৪ই হেলিকপ্টাৰ - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Thursday, September 5, 2019

ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব ৮খন আপাচি এ এইচ–৬৪ই হেলিকপ্টাৰ



আজি ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব ৮খন আপাচি এ এইচ–৬৪ই হেলিকপ্টাৰ


এই হেলিকপ্টাৰকেইখন ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্তিৰ পিছতে অধিক বৃদ্ধি পাব বায়ুসেনাৰ শক্তি।


জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত ভাৰত–পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আজি আমেৰিকাত নিৰ্মিত আঠখন আপাচি এ এইচ–৬৪ই (Boeing AH-64 Apache) যুঁজাৰু হেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰা হ’ব ভাৰতীয় বায়ুসেনাত। পাঠানকোটৰ এয়াৰবেছত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব এই যুঁজাৰু হেলিকপ্টাৰকেইখন। ভাৰতীয় বায়ুসেনাৰ শক্তি বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। আপাচি এ এইচ–৬৪ই বিশ্বৰ আটাইতকৈ উন্নতমানৰ যুঁজাৰু হেলিকপ্টাৰ। বৰ্তমান আমেৰিকান সেনাই ব্যৱহাৰ কৰি আছে এই হেলিকপ্টাৰ।


এই হেলিকপ্টাৰকেইখন ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্তিৰ পিছতে অধিক বৃদ্ধি পাব বায়ুসেনাৰ শক্তি। পাঠানকোট এয়াৰবেছত বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱাৰ উপস্থিতিত এই হেলিকপ্টাৰকেইখন বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব। ভাৰত চৰকাৰে অস্ত্ৰ নিৰ্মাণকাৰী আমেৰিকান কোম্পানী বয়িঙৰ সৈতে ৪১৬৮ কোটি টকাত ২২খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰাৰ চুক্তি কৰিছে। ২০২০ চনলৈ ভাৰতে লাভ কৰিব ২২খন আপাচি হেলিকপ্টাৰ।


উল্লেখযোগ্য যে পাঠানকোট এয়াৰবেছ পাকিস্তান সীমান্তৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত ভাৰত–পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে পাঠানকোট এয়াৰবেছত আপাচি হেলিকপ্টাৰ মোতায়েন কৰাটো ৰণনীতিৰ এক অংশ হিচাপে পৰিগণিত হৈছে।


আপাচি এ এইচ–৬৪ই হেলিকপ্টাৰৰ বিশেষত্ব


– আপাচি এ এইচ–৬৪ই বিশ্বৰ আটাইতকৈ উন্নতমানৰ যুঁজাৰু হেলিকপ্টাৰ।– এই যুঁজাৰু হেলিকপ্টাৰ আমেৰিকান সেনাই ব্যৱহাৰ কৰি আছে।


– আপাচি বিশ্বজুৰি মাল্টি ৰ’ল কম্বেট হেলিকপ্টাৰ হিচাপে পৰিচিত।


– শত্ৰুৰ সীমাত প্ৰৱেশ কৰি আক্ৰমণৰ ক্ষমতা আছে আপাচিৰ।


– বিশ্বজুৰি এতিয়ালৈ ২১০০ আপাচি হেলিকপ্টাৰৰ যোগান ধৰা হৈছে।



News source-News18

No comments:

Post a Comment

Post Bottom Ad


Pages