ভাৰতবাসীৰ বাবে এক আশাৰ খবৰ। চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ISRO–এ। - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad

Post Top Ad

Sunday, September 8, 2019

ভাৰতবাসীৰ বাবে এক আশাৰ খবৰ। চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ISRO–এ।

ভাৰতবাসীৰ বাবে এক আশাৰ খবৰ। চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ISRO–এ। এই কথা CNN NEWS18ক জনালে ISROৰ মুৰব্বী কে ছিৱানে। কে ছিৱানে কয় - ‘আমি চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছো আৰু অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমৰ আলোকচিত্ৰ প্ৰেৰণ কৰিছে। কিন্তু এতিয়ালৈ লেণ্ডাৰ বিক্ৰমৰ সৈতে কোনো সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। আমি লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছো।’ শীঘ্ৰে বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ISROৰ মুৰব্বীগৰাকীয়ে।

#BREAKING - @isro chief K Sivan confirms Vikram lander traced. Speaking to CNN-News18 says 'ISRO has got the first thermal image of moon lander Vikram on the lunar surface. Communication yet to be established'. @deepab18 with details.#ProudOfISRO pic.twitter.com/1aSDMwx7bx
— News18 (@CNNnews18) September 8, 2019

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ISROৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল চন্দ্ৰযান–২ৰ। অৱতৰণৰ আগ মুহূৰ্তত পৃথিৱীৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল চন্দ্ৰযান–২ৰ। সেই সময়ত চন্দ্ৰপৃষ্ঠৰ পৰা মাথোঁ ২.১ কিলোমিটাৰ দূৰত আছিল লেণ্ডাৰ বিক্ৰম। কিন্তু আশাহত হোৱা নাছিল ISROৰ বিজ্ঞানীসকল। অৰ্বিটাৰত সংলগ্ন অত্যাধুনিক উপকৰণৰ সহায়ত শীঘ্ৰে লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিব পৰা যাব বুলি আশা কৰিছিল বিজ্ঞানীসকলে।

No comments:

Post a Comment

Post Bottom Ad

Pages