প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ ঘটিল Redmiৰ স্মাৰ্টফোন... - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Sunday, September 1, 2019

প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ ঘটিল Redmiৰ স্মাৰ্টফোন...

প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ ঘটিল Redmiৰ স্মাৰ্টফোন..


বিভিন্ন সময়ত স্মাৰ্টফোনৰ বেটাৰী বিস্ফোৰণ ঘটা, জুই লগা আদিৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ জনপ্ৰিয় ব্ৰেণ্ড Xiaomiৰ স্মাৰ্টফোন এজন লোকৰ জেপত বিস্ফোৰণ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। Fossbytesৰ ৰিপ’ৰ্ট অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ এজন লোকৰ পেণ্টৰ পকেটত গৰম হৈ বিস্ফোৰণ ঘটে Xiaomiৰ স্মাৰ্টফোন।

ৰিপ’ৰ্ট অনুসৰি, ৩১ বছৰ বয়সীয়া মধু বাবু নামৰ লোকজনে পুৱা কাৰ্যালয়লৈ যাবলৈ ঘৰৰ পৰা ওলাইছিল। নিজৰ বাইকখন ষ্টাৰ্ট কৰিবলৈ লওঁতেই তেওঁৰ লক্ষ্য কৰে যে পকেটত থকা Redmi 6A স্মাৰ্টফোনটো লাহে লাহে গৰম হৈ ধোঁৱা ওলাবলৈ ধৰে। কিছু সময় পিছতে বিস্ফোৰণ ঘটে ফোনটো।
www.axomibuz.blogspot.in

ততালিকে দলিয়াই দিয়াৰ পিছতে জুয়ে আৱৰি ধৰে ফোনটো। এই ঘটনাত আঘাতপ্ৰাপ্ত হয় মধু বাবু। লোকজনে জনোৱা অনুসৰি ফোনটো এনেদৰে জ্বলি উঠিছিল যেন কোনোবাই কেৰাচিন ঢালিহে জ্বলাই দিছে।

মধু বাবুৰ মতে, ২০১৯ চনৰ এপ্ৰিলত Redmi 6A ফোনটো কিনিছিল তেওঁ। প্ৰথম ৪–৫ মাহ ঠিকমতে চলিছিল যদিও পিছত সমস্যাই দেখা দিছিল ফোনটোত। লোকজনে জনোৱা অনুসৰি তেওঁ ঘৰৰ পৰা ওলোৱাৰ দুঘণ্টা পূৰ্বে চাৰ্জত দিছিল ফোনটো।

news source - news18

No comments:

Post a Comment

Post Bottom Ad


Pages