ৰাণু মণ্ডলৰ জীৱনৰ কথা "মই কেতিয়াও দুখিয়া নাছিলো" - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Monday, September 2, 2019

ৰাণু মণ্ডলৰ জীৱনৰ কথা "মই কেতিয়াও দুখিয়া নাছিলো"

ৰাণু মণ্ডলৰ জীৱনৰ কথা "মই কেতিয়াও দুখিয়া নাছিলো"


‘মই পৰিস্থিতি অনুযায়ী গান গাইছিলো। গান গোৱাৰ যে সুযোগ পাম তাৰ আশাত নহয়’

মাত্ৰ এটা গীত গুণ গুণাইছিল!! ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল গীতটো। আৰু তাৰ পিছত...

ৰেল ষ্টেচনৰ পৰা বলীডলৈ যাত্ৰা। পৰৱৰ্তী সময়ত বলীউডৰ ছবিত হিমেশ ৰশমীয়াৰ তত্বাৱধানত গীত ৰেকৰ্ডিং!


মানুহৰ কিদৰে ভাগ্য সলনি হয়, তাৰ এক উৎকৃষ্ট উদাহৰণ হ’ল ৰাণু মণ্ডল।

ৰাণুৰ সাক্ষাৎকাৰ ল’বলৈ এতিয়া বিভিন্নজনৰ হেতাওপৰা। অলপতে  আই এ এন এছ (Indo-Asian News Service) নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে  লোৱা সাক্ষাৎকাৰত ৰাণু মণ্ডলে প্ৰকাশ কৰিছে নিজৰ জীৱনত সংঘটিত হোৱা বহু কেইটা ঘটনা। ৰাণুৱে কয় যে, “মই যে সদায়ে দুখীয়াই আছিলো তেনে নহয়। মোৰ ফুটপাথত জন্ম হোৱা নাই, ভাল ঘৰতে জন্ম হৈছিলো”কিন্তু মাত্ৰ জন্মৰ ছমাহৰ পিছতে মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হৈ পৰে ৰাণু মণ্ডল। ৰাণু বিয়া হৈছিল বলীউডৰ অভিনেতা ফিৰোজ খানৰ ঘৰৰ এগৰাকী ৰান্ধনীৰ সৈতে। এটা সময়ত তেওঁলোকৰ এটা ঘৰো আছিল বুলি দাবী কৰে ৰাণুৱে। কিন্তু স্বামীৰ মৃত্যুৰ পিছতে ভাগ্যৰ চকৰি সলনি হৈ পৰে ৰাণু মণ্ডল। এদিন ঘৰৰ পৰা বিচিন্ন হৈ পৰিস্থিতিত পৰি ৰেলৱে ষ্টেচনত থাকি দুবেলা দুমুঠি যোগাৰ কৰিবলৈ সংগ্ৰাম কৰিবগীয়া হৈছিল।

ৰাণুৱে লগতে উল্লেখ কৰে যে, ‘মই পৰিস্থিতি অনুযায়ী গান গাইছিলো। গান গোৱাৰ যে সুযোগ পাম তাৰ আশাত নহয়, কেৱল গাই ভাল পাওঁ বাবেই মই গীত গাই গৈছিলো।’ এতিয়া নিজৰ জীৱনলৈ  অহা পৰিৱৰ্তনকলৈ সুখী ৰাণু মণ্ডল।

News source-news18


লগতে চাওঁক
আমাৰ সকলোৰেই মৰমৰ জুবিন দাৰ লাইফষ্টাল

নতুন কৈ মুকলি হোৱা Jobs update 


No comments:

Post a Comment

Post Bottom Ad


Pages