চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব কেনেকৈ, চাওঁক VIDEO - Axomibuz

Axomibuz

Northlakhimpur Local News Agency

Breaking

Home Top Ad


Post Top Ad


Friday, September 6, 2019

চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব কেনেকৈ, চাওঁক VIDEO

চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’  চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব  কেনেকৈ, চাওঁক VIDEO


আৰু মাত্ৰ কেইটামান ক্ষণ। প্ৰায় ডেৰ মাহ পূৰ্বে জোনবাইৰ দেশলৈ যাত্ৰা কৰা চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’ শুকুৰবাৰে নিশা ১-২ বজাৰ ভিতৰত অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত। লেণ্ডাৰ ‘বিক্ৰম’ৰ অৱতৰণৰ পিছতে এই অভিযান সফল হিচাপে পৰিগণিত হ’ব।

ইছৰ’ৰ অধ্যক্ষ কে শিৱানে কয়, ‘আমি এনেকুৱা এখন ঠাইত অৱতৰণ কৰিবলৈ গৈ আছো য’ত পূৰ্বে কোনেও অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। মই দৃঢ় বিশ্বাসী আমি সফল হ’ম। সেই সুন্দৰ মুহুৰ্তলৈ অপেক্ষা কৰি আছো।’ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দেশৰ ৭০ ছাত্ৰ-ছাত্ৰীৰ সৈতে এই অভিযানৰ দৃশ্য প্ৰত্যক্ষ কৰিব।



শুকুৰবাৰে ইছৰ’ৱে এটা বিশেষ ভিডিঅ’ টুইটাৰত মুকলি কৰিছে। য’ত চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ বিষয়ে আভাস দিয়া দেখিবলৈ পোৱা গৈছে। ইফালে বিক্ৰমে চন্দ্ৰলৈ কৰা যাত্ৰাৰ বিভিন্ন দিশসমূহৰ বিষয়েও আভাস দিয়া হৈছে ভিডিঅ’টোত। চাওঁক সেই ভিডিঅ’-


No comments:

Post a Comment

Post Bottom Ad


Pages